Animal Diversity
Rate this book:
About This Book
২০১৯ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতবর্ষৰ আন আন বিশ্ববিদ্যালয়সমূহৰ লগত সংগতি ৰাখি স্নাতক মহলাত ষাণ্মাসিক পাঠ্যক্ৰমত ‘পছন্দভিত্তিক আধাৰিত আকলন পদ্ধতি’ (Choice Based Credit System/CBCS) প্রৱর্তন কৰিছে। সেয়েহে, ষান্মাসিক অনুক্ৰমে পাঠ্যক্ৰমসমূহ উপলব্ধ হোৱাকৈ নতুন পাঠ্যপুঠিৰ প্রয়োজনবোধ আহি পৰিছে। এই উদ্দেশ্য আগত ৰাখিয়েই গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রথম ষাণ্মাসিক প্রাণীবিজ্ঞান বিষয়ৰ (সাধাৰণ) প্রাণী বৈচিত্ৰ্যৰ অধ্যায় কেইটা সামৰি “স্নাতক মহলাৰ প্রাণীবিজ্ঞান : প্রাণী বৈচিত্ৰ্য” নামৰ পাঠ্যপুথিখন যুগুতাই উলিওৱা হৈছে। সর্বভাৰতীয় পাঠ্যক্ৰমৰ আর্হিত প্রাণীবিজ্ঞানৰ ইংৰাজী মাধ্যমৰ কিতাপৰ বিশেষ অভাৱ পৰিলক্ষিত হোৱা নাই যদিও প্রাণীবিজ্ঞানৰ অসমীয়া মাধ্যমৰ তথ্য সম্বলিত কিতাপৰ যথেষ্ট অভাৱ। সেয়েহে অসমীয়া মাধ্যমত স্নাতক মহলাৰ প্রাণীবিজ্ঞান বিষয়ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে এই পাঠ্য পুথিখন বিশ্ববিদ্যালয় অনুদান আয়োগৰ নির্দেশনা অনুসৰি “আৰ. ডি. বাৰনেচ”ৰ ‘অকশেৰুকী প্রাণী’ পুথিখনৰ পঞ্চম সংস্কৰণ (R.D. Barnes, Invertebrate Zoology, 5th Edition) আৰু জে. জেদ, ইয়ঙৰ ‘কশেৰুকী প্রাণীৰ জীৱন’ নামৰ পুথিখনৰ তৃতীয় সংস্কৰণৰ (J.Z. Young The Life of Vertebrates, 3rd Edition) মতে ক্ৰমে অমেৰুদণ্ডী আৰু মেৰুদণ্ডী প্রাণীবোৰক শ্রেণীবিভাজন কৰি কৰি যুগুতাই উলিওৱা হৈছে। আশা কৰো কিতাপখনে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ পৰা সমাদাৰ লাভ কৰিব পাৰিব লগতে পাঠদান আৰু গ্রহণৰ ক্ষেত্ৰত সহায় কৰিব।
আঞ্চলিক ভাষাত বিজ্ঞান চর্চাৰ ডাঙৰ সমস্যাটো হ’ল উপযুক্ত বৈজ্ঞানিক পৰিভাষা। এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা’ নামৰ পুথিখনৰ সহায় লোৱা হৈছে। কিছু ক্ষেত্ৰত আসোঁৱাহপূর্ণ অসমীয়া প্রতিশব্দৰ পৰিবর্তে ইংৰাজী শব্দকেই পোনপতীয়াকৈ ব্যৱহাৰ কৰা হৈছে।
বিজ্ঞান বিষয়ক কিতাপ আঞ্চলিক ভাষাত যুগুতাই উলিওৱাত কিছু ভুল-ভ্রান্তি, আসোঁৱাহ আদি থাকি যোৱাতো স্বাভাৱিক। সেয়েহে সন্মানীয় শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুৰাগী ব্যক্তিসকলে আসোঁৱাহ দেখিলে দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনালো যাতে পৰৱর্তী সংস্কৰণত আসোঁৱাহসমূহ আঁতৰাব পাৰো।
সদৌ শেষত পুথিখন প্রকাশৰ দায়িত্ব গ্রহণ কৰাৰ বাবে “কল্যানী প্রকাশন”ৰ স্বত্বাধীকাৰী আৰু কর্মচাৰীবৃন্দৰ লগতে শুভকাংক্ষীসকলৰ কৃতজ্ঞতা স্বীকাৰ কৰি সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
২০ ছেপ্তেম্বৰ, ২০২০ লিখক

Buy This Book
As an Amazon Associate and Bookshop.org affiliate, BookOrb earns from qualifying purchases.
Write a Review
Sign in to write a review.